কামৰূপ, ০২ জানুৱাৰী (হি.স.): নৱবৰ্ষৰ পহিলা দিনৰ সন্ধিয়া উত্তৰ গুৱাহাটী মধ্যমখণ্ডত এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। তীব্ৰবেগী বাহনে মহতিয়ালে দুখনকৈ দুচকীয়া বাহনক । এই দুৰ্ঘটনাত ঘটনাস্থলীতে নিহত হয় এজন লোক । ইফালে সংকটত জনক অৱস্থাত দুজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।
জানিব পৰামতে, তীব্ৰবেগী এএছ ০১ এ ৯৫৯৫ নম্বৰৰ হোণ্ডাচিটি বাহন খনে এই দুৰ্ঘটনা সংঘটিত কৰে। দুৰ্ঘটনাটোত প্ৰাণ যোৱা যুৱকজন ওদালগুৰিৰ হিমাংশু নাথ বুলি চিনাক্ত কৰা হৈছে । হিমাংশু আই আই টি গুৱাহাটীৰ কেন্টিনত কৰ্মৰত আছিল। দুৰ্ঘটনা সংঘটিত কৰা বাহনৰ এজন লোকক আটক কৰা হৈছে । দুৰ্ঘটনাগ্ৰস্ত বাহন দুখন ক্ৰমে এএছ ০১ ডিআৰ ৬৫১৩ আৰু এএছ ২৫ টি ৬১৬৫ বুলি জনা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
