গোলাঘাট, ০১ছেপ্টেম্বৰ (হি.স.)। আজি আন্তৰ্জাতিক প্ৰাইমেট (Primat) দিৱস ৷ বান্দৰ প্ৰজাতিৰ দুস্প্ৰাপ্য স্তন্যপায়ী বন্যপ্ৰাণীৰ সংৰক্ষণ সজাগতাৰ বাবে ২০০৫ চনৰ ১ ছেপ্তেম্বৰৰ পৰা দিনটো আন্তৰ্জাতিক প্ৰাইমেট দিৱস হিচাবে পালন কৰি অহা হৈছে ৷কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষই আন্তৰ্জাতিক প্ৰাইমেট দিৱস উদযাপন কৰে। এই উপলক্ষে জনসাধাৰণৰ মাজত বিশেষকৈ ছাত্ৰ ছাত্ৰী সকলক প্ৰাইমেটৰ সংৰক্ষণৰ বিষয়ত জন সচেতনতা সৃষ্টি কৰাৰ উদ্দেশ্য়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বৰ্তমান ভাৰতবৰ্ষত উপলব্ধ ১৫ টা প্ৰজাতিৰ বান্দৰৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চলত ১১ টা আৰু অসমত ৯ টা প্ৰজাতিৰ বান্দৰৰ বিচৰণ আছে ৷
এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা হৈছে যে হলৌ বান্দৰ ,টুপীমূৰীয়া বান্দৰ , লাজুকী বান্দৰকে ধৰি প্ৰাইমেটৰ অন্তৰ্ভুক্ত একাংশ বন্যপ্ৰাণীৰ অস্তিত্ব ক্ৰমে সংকটাপন্ন হৈ পৰিছে বা কালৰ গতিত বিলুপ্ত হৈ পৰিছে ৷ অৱশ্যে গিৱন অভয়াৰণ্য বা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাৰ্শ্ববৰ্তী এলেকাৰ দৰে কোনো কোনো অংশত গিৱনৰ সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে ৷ তথাপিও পৰ্যাপ্ত বিচৰণ ভূমি আৰু উপযুক্ত পৰিৱেশৰ অভাৱত অস্তিত্বৰ সংকটে দেখা দিছে ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
