কোকৰাঝাৰ, ০৫ ডিছেম্বৰ (হি.স.): কোকৰাঝাৰ জিলাৰ গোসাইগাওঁ মহকুমাৰ আলোকঝাৰ ৰে’ল লাইনৰ নাতি দৈৰত সোমবাৰে বিয়লি আবেলি এটা মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি হৈছে। আনুমানিক প্ৰায় ৫০ উৰ্ধৰ পৰুষৰ মৃত্যু দেহটো চিনাক্ত হোৱা নাই।
ঘটনা স্থলীত গোসাইগাঁও মহকুমা আৰক্ষী বিষয়া হিৰেন কুমাৰ ডেকা আৰু গোসাইগাওঁ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অমৰজ্যোতি বাইলুং উপস্থিত হৈ তদন্ত হৈ অব্যাহত ৰাখিছে। আনহাতে হত্যাকাণ্ড নে আন কোনো কাৰণত লোকজনৰ মৃত্যু হৈছে এতিয়াও স্পষ্ট হোৱা নাই।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
