কামৰূপ, ০৬ ডিছেম্বৰ (হি.স.)। ৰাস মহোৎসৱ নে মুকলি জুৱাস্থলী । ভাগ্য পৰীক্ষাৰ নামত ৰাস মহোৎসৱত চলিছে মুকলিকৈ জুৱা। শুৱালকুছিৰ ৰাস মহোৎসৱত মুকলি জুৱাৰ পয়োভৰ পৰিলক্ষিত হৈছে। আধ্যত্মিকতাৰ বিপৰীতে জুৱাই চানি ধৰিছে ৰাস মহোৎসৱ। নৱ প্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিনে নিশাই শুৱালকুছি ৰাসস্থলীত দেখা গৈছে লাখ লাখ টকাৰ মুকলি জুৱা ।
ইফালে এইক্ষেত্ৰত মৌন ৰাস উদযাপন সমিতিৰ লগতে কামৰূপ আৰক্ষী, কামৰূপ জিলা প্ৰশাসন। শুৱালকুছি বালিচৰত এইবেলি উদযাপন কৰা হৈছে ৩১ তম ৰাস মহোৎসৱ। আনবেলিৰ দৰে এইবেলিও শুৱালকুছি ৰাস মহোৎসৱত অনুমতি প্ৰদান কৰা হৈছে ভাগ্য পৰীক্ষা । কিন্তু এই ভাগ্য পৰীক্ষাৰ নামত দেখা গৈছে মুকলি জুৱা। ৰাস উদযাপন সমিতিক শকত ধনৰ টোপালা দি ৰাসস্থলীতে আৰক্ষী আৰু জিলা প্ৰশাসনৰ চকুৰ সন্মুখতে চলাই গৈছে মুকলি জুৱা। ৰাসস্থলীত চলা এই মুকলি জুৱা বন্ধ কৰিবলৈ দাবী জনাইছে বিভিন্ন দল সংগঠনে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/মনোজ
