ধেমাজি : সংশোধিত নাগৰিকত্ব আইন (কা) ৰ বিৰুদ্ধে কালি সন্ধিয়া ধেমাজি জিলা আছুৱে বিশাল জোঁৰ সমদল বাহিৰ কৰে৷ ধেমাজি সদৰত আছুৰ সমদলক প্ৰচণ্ড বাধা প্ৰদান কৰে আৰক্ষীৰ বিশাল দলে ৷ আৰক্ষীৰ সৈতে তীব্ৰ হতাহতিও হয় প্ৰতিবাদকাৰীৰ ৷ মাজবাটতে বাধা আৰক্ষীৰ ৷ স্বতঃস্ফূৰ্ত দোকান পোহাৰ বন্ধ হৈ পৰে ধেমাজিত ৷
বিশাল জোঁৰ সমদলক বাধা দিওঁতে সৃষ্টি হয় উত্তেজনা ৷ অৱশেষত বাধা আতৰাই সমদল কৰিলে আছুৰ প্ৰতিবাদীয়ে ৷ আৰক্ষীৰ প্ৰচণ্ড বাধা আতৰাই আছুৰ প্ৰতিবাদীয়ে অৱশেষত সমদল সম্পূৰ্ণ কৰে ৷ ইপিনে আছুৰ নেতাই প্ৰতিবাদ তীব্ৰৰ পৰা তীব্ৰতৰ হ’ব বুলি হুংকাৰ দিয়ে ৷
