নগাঁও ২০ ডিচেম্বৰ (হি.স.): নগাঁও জিলাৰ কলিয়াবৰত যোৱা কালি শুকুৰবাৰে নিশা সংঘটিত হৈছে এক ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা । কলিয়াবৰ তিনিআলিৰ ৰঞ্জিত দাস নামৰ লোকজনৰ ছাগলীৰ ফাৰ্মত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা।
ফাৰ্ম খনৰ কাষতে থকা এটা খেৰৰ মেজিৰ পৰা জুইৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে। কোনো দুষ্কৃতিকাৰীয়ে খেৰৰ মেজিত জুই লগোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। এই অগ্নিকাণ্ডত প্ৰায় ২০ টাৰো অধিক ছাগলী জ্বলি ভস্মিভূত হৈছে। অৱশেষত ঘটনাস্থলীত ২ খনকৈ অগ্নি-নিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হৈছে।
ৰাইজে এই দুষ্কাৰ্যৰ তীব্ৰ গৰিহণা দিছে আৰু দুষ্কৃতিকাৰীক কৰায়ত্ত কৰাৰ দাবী জনাইছে। লগতে ভূক্তভোগী লোক জনক উচিত ক্ষতিপূৰণ দিবলৈ প্ৰশাসন লৈ আহ্বান জনায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
