কোকৰাঝাৰ, সমাগত লোকসভা নিৰ্বাচন সঠিকভাৱে পৰিচালনা কৰাৰ বাবে বৃহস্পতি বাৰে আবেলি বড়োলেণ্ড পিপলছ ফ্ৰন্ট চমুকৈ বিপিএফ দলৰ ফকিৰাগ্ৰাম ব্লক নিৰ্বাচনী পৰিচালনা সমিতি গঠন কৰা হয়। এই উপলক্ষে গোসাঁইগাঁৱৰ টি পি ৰোডস্থিত দলীয় কাৰ্যালয়ত ফকিৰাগ্ৰাম ব্লক সমিতিৰ সভাপতি এজামুল হকৰ সভাপতিত্বত অনুষ্ঠিত হয় এখন কৰ্মী সভা।
উক্ত সভাত বিপি এফৰ কেন্দ্রীয় সংগঠানিক সম্পাদক ড° ৰেজাওল কৰিমক সভাপতি হিচাপে লৈ ৭৫ জনীয়া নিৰ্বাচনী পৰিচালনা সমিতি গঠন কৰা হয়।লগতে বিভিন্ন গাঁৱৰ পৰা দুই শতাধিক লোকে বিপিএফ দলত যোগদান কৰাৰ পাছত নৱগঠিত নিৰ্বাচনী পৰিচালনা সমিতিৰ নেতৃত্বত বিপিএফ দলৰ কৰ্মী বৃন্দক ভোটাৰ ৰাইজক বিপিএফৰ নীতি আদৰ্শ বুজাই আগন্তুক লোকসভা নিৰ্বাচনত বিপিএফৰ প্ৰাৰ্থী খাম্ফা বৰগয়াৰীক বিপুল ভোটত জয়যুক্ত কৰাবলৈ দেহে কেহে খাটিবলৈ আহ্বান জনায়।
উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কোকৰাঝাৰ পশ্চিম বিধানসভা সমষ্টিৰ বিধায়ক ৰবিৰাম নাৰ্জাৰী, প্রাক্তন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম, পৰ্বতঝোৰা পৰিষদৰ এম ছি এল এ মুন মুন ব্ৰহ্ম কে ধৰি বিপিএফৰ দলৰ বুথ, ব্লক আৰু জিলা পৰ্যায়ৰ কৰ্মী-সমৰ্থকসকল।
