• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Regional > শিলচৰৰ ৰাধামাধৱ কলেজত ছাত্রীক এচিড আক্ৰমণৰ অভিযোগত আটক ১ — উত্তপ্ত পৰিস্থিতি
Regional

শিলচৰৰ ৰাধামাধৱ কলেজত ছাত্রীক এচিড আক্ৰমণৰ অভিযোগত আটক ১ — উত্তপ্ত পৰিস্থিতি

CliQ INDIA
Last updated: August 13, 2025 6:01 pm
CliQ INDIA
Share
1 Min Read
SHARE

কাছাৰ, ১৩ আগষ্ট (হি.স.): কাছাৰ জিলাৰ শিলচৰৰ ৰাধামাধৱ কলেজত এজন ছাত্রীক এচিডেৰে আক্ৰমণ কৰাৰ অভিযোগত এজন যুৱকক আৰক্ষীয়ে আটক কৰিছে। মঙলবাৰ বিয়লি সংঘটিত এই ঘটনাত কলেজৰ পৰিসৰত তীব্ৰ উত্তেজনা সৃষ্টি হয়।

অভিযোগ অনুসৰি, শিলচৰ শৰৎপল্লীৰ বাসিন্দা শুভম দেৱ নামৰ উক্ত যুৱকজন দীঘলীয়া দিনৰ পৰা কলেজৰ এজন ছাত্রীক প্ৰেমৰ প্ৰস্তাৱ দি আহিছিল। প্ৰস্তাৱ নাকচ কৰাত, সেইদিনা তেওঁ এচিড ভৰ্তি বটল লৈ ছাত্রীৰ ফালে ধাবমান হয়। উপস্থিত অন্যান্য ছাত্র-ছাত্ৰীসকলে তৎপৰতাৰে তেওঁক আটক কৰি এচিড আক্ৰমণ প্ৰতিৰোধ কৰে।

ঘটনাৰ খবৰ পাই ৰাঙ্গীৰখাৰী আৰক্ষী চকীৰ ইন-চাৰ্জ ৰাজু ৰঞ্জন দেৱ দলবলে ঘটনাস্থলীলৈ উপস্থিত হৈ শুভম দেৱক আটক কৰি থানালৈ লৈ যায়। প্ৰত্যক্ষদৰ্শীসকলে জনায়, এই সময়ত অভিযুক্তৰ সৈতে থকা কেইজনমান মহিলাই কলেজৰ ছাত্র-ছাত্ৰীসকলৰ সৈতে হাতাহাতি আৰু মাৰধৰৰ চেষ্টা কৰিছিল।

আৰক্ষীয়ে জনাইছে, ঘটনাৰ বিষয়ে তদন্ত চলি আছে আৰু প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। শিক্ষানুষ্ঠানত এনে নিন্দনীয় ঘটনা সংঘটিত হোৱাত শিক্ষক-শিক্ষার্থী মহলত চৰম উদ্বেগৰ সৃষ্টি হৈছে। ছাত্র-ছাত্ৰীসকলৰ মাজত তীব্ৰ ক্ষোভ দেখা দিয়ে। অভিযুক্তৰ কঠোৰ শাস্তিৰ দাবীত তেওঁলোকে কলেজৰ পৰিসৰত প্ৰতিবাদ সভা কৰে।

স্থানীয় সমাজকৰ্মী আৰু অভিভাৱকসকলে ঘটনাটিৰ তীব্ৰ নিন্দা জনাই কয়, শিক্ষা প্ৰতিষ্ঠানত সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰা এতিয়া সময়ৰ দাবী। এই ঘটনাৰ ফলত ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে শিলচৰ ৰাঙ্গীৰখাৰী আৰক্ষী চকী ঘেৰাও কৰি অভিযুক্তৰ দৃষ্টান্তমূলক শাস্তিৰ দাবি তোলে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ

You Might Also Like

চাপৰৰ মোছকাগুৰি গাঁৱত দ খাৱৈত বাগৰি পৰিল ইটাভৰ্তি ট্ৰাক, চাৰিজন সন্ধানহীন
বজালী পাঠশালাত কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ জোৰ সমদল
শ্বহীদ নৰেন্দ্ৰ নাথ মহন্ত সোঁৱৰণী ৩৭ সংখ্যক সদৌ অসম কলিয়াভোমোৰা মাৰাথন দৌৰ প্ৰতিযোগিতা
পোহৰৰ উৎসৱ দীপাৱলীক লৈ ব্য়স্ত তামুলপুৰৰ মৃৎ শিল্পী
লাহৰীঘাটত আৰক্ষীয়ে উৎখাত কৰিলে অবৈধ মাদ্ৰাছা

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article কনষ্টিটিউচন ক্লাব নিৰ্বাচনত সঞ্জীৱ বালিয়ানক পৰাস্ত কৰি ৰাজীৱ প্ৰতাপ ৰুডীৰ ২৫ বছৰীয়া আধিপত্য অব্যাহত
Next Article ৱেষ্ট ইণ্ডিজে ২০৩ ৰানত পাকিস্তানক পৰাস্ত কৰি ৩৪ বছৰীয়া অপেক্ষাৰ পেলালে অন্ত
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?