ওদালগুৰি, ২৫ অক্টোবৰ (হি.স.)। ওদালগুৰি জিলাৰ কছাৰীভেটি টোপ গাঁৱত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এক ঘটনা৷ গাঁৱখনৰ ফইজুল হক নামৰ দৰিদ্ৰ মানুহজৰ ঘৰৰ পৰা ৪১ দিনীয়া দেৱশিশুটো চুৰি কৰি লৈ যায় কোনোবা দুষ্ট চক্ৰই ৷
প্ৰাপ্ত তথ্য মতে কালি ,ৰাতি আনুমানিক তিনিমান বজাত মাকে টোপনিত লালকাল হৈ থকা অৱস্থাত মাকৰ বুকৰ পৰা কোনোবা দুষ্ট চক্ৰই চুৰি কৰি লৈ যায় ৪১ দিনীয়া শিশুটি৷ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে ওৰাং আৰক্ষী থানাত খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ এটা দল৷ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত৷ঘটনাক কেন্দ্ৰ কৰে অঞ্চলটো সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য৷
হিন্দুস্থান সমাচাৰ / কিশোৰ /আলোক.
