নলবাৰী, ০৩ ছেপ্টেম্বৰ (হি.স.): শৰতৰ আগমনৰ লগে লগে এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে শাৰদীয় দুৰ্গা পূজাৰ প্ৰস্তুতি । ঐতিহাসিক শ্ৰীশ্ৰী বিল্বেশ্বৰ দেৱালয়ত ৬২ লাখ টকাৰ বাজেটেৰে ইতিমধ্যে আৰম্ভ হৈছে পূজাৰ প্ৰস্তুতি । ২০০০ বছৰ পুৰণি শ্ৰীশ্ৰী বিল্বেশ্বৰ দেৱালয়ৰ দুৰ্গা পূজাত এইবেলি ৫০ টাৰ অধিক ম’হ বলি আৰু উচৰ্গা কৰিব ভক্তবৃন্দই । ইতিমধ্যে যাৱতীয় প্ৰস্তুতি চলি আছে ।
শ্ৰীশ্ৰী বিল্বেশ্বৰ দেৱালয়ৰ দুৰ্গা পূজাত কেবাটাও নতুন কাৰ্যসূচী সংযোগ কৰিছে সমিতিয়ে। উল্লেখ্য যে দেশ বিদেশৰ লাখ লাখ ভক্তৰ সমাগম হয় বেলশৰৰ শ্ৰী শ্ৰীবিল্বেশ্বৰ দেৱালয় দুৰ্গা পূজাত । ইতিমধ্যে মা দুৰ্গাক আদৰিবলৈ পূৰ্ণ গতিত চলিচে প্ৰস্তুতি।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
