গোৱালপাৰা,১২ নৱেম্বৰ (হি.স.)। অসমৰ গোৱালপাৰা জিলাৰ ৰংজুলি চহৰত শনিবাৰে নিশা সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হোৱাৰ লগতে আন এজন গুৰুতৰ ভাৱে আহত হয়। ঘটনাস্থলীৰ পৰা পোৱা প্ৰাৰম্ভিক খবৰ অনুসৰি মটৰ চাইকেলেৰে দুয়ো আহি আছিল।
মটৰ চাইকেল খনৰ চালক গৰাকী তীব্ৰ বেগেৰে গতি কৰি থকা অৱস্থাত পিছফালৰ পৰা এখন ৰৈ থকা ট্ৰাকত প্ৰচণ্ড জোৰে খুন্দা মাৰে। দুৰ্ঘটনাটোৰ ফলত মটৰ চাইকেল খনৰ চালকজন থিতাতে নিহত হয়।দুৰ্ঘটনাটোত আহত আৰোহীজনক ততাতৈয়াকৈ চিকিৎসাৰ বাবে নিকটবৰ্তী স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয়। ইফালে মটৰ চাইকেল খনৰ নিহত আৰোহীজনক পৱন কুমাৰ শ্বাহ বুলি জানিব পৰা গৈছে। আহত পিলিয়ন আৰোহীজন এজন সূত্ৰজিৎ বসুমতাৰী বুলি জানিব পৰা গৈছে। অধিক সবিশেষ জানিবলৈ অপেক্ষা কৰা হৈছে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/ৰমেন/আলোক.
