গুৱাহাটী, ১০ ডিচেম্বৰ (হি.স.)। গুৱাহাটীৰ খাৰগুলি অঞ্চলৰ ব্ৰহ্মপুত্ৰ নদীত গা ধুই থকা অৱস্থাত ৫ জন লোকৰ পানীত ডুব যায়। আৰক্ষীয়ে জনোৱা মতে, বুধবাৰে বিয়লি ৯ জন লোকে গা ধোৱাৰ উদ্দেশ্যেৰে ব্ৰহ্মপুত্ৰ নদীত নামিছিল। ইফালে নদীৰ প্ৰচণ্ড সোঁতে তেওঁলোকক উটুৱাই লৈ গ’ল। চাৰিজন লোক কোনো মতে নদীৰ পাৰত উপস্থিত হোৱাৰ বিপৰীতে শেষবাৰৰ বাবে খবৰ পোৱাৰ সময়ত আন পাঁচজন লোক সন্ধানহীন হৈ আছিল। এই আটাই কেইজনেই খাৰগুলি অঞ্চলৰ ভক্তি কুটিৰ মন্দিৰলৈ গৈছিল।
খাৰগুলি অঞ্চলৰ জয়পুৰ অঞ্চলত সংঘটিত হয় এই ঘটনা। চাৰিজন লোকৰ ভিতৰত দুজনে কোনো মতে প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে আন দুজনক নাৱৰীয়াই উদ্ধাৰ কৰে। চাৰিওজনকে চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। এই সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী, এনডিআৰএফ, এছডিআৰএফৰ দলে আন্ধাৰ নোহোৱালৈকে নদীখনত অবিৰতভাৱে অনুসন্ধান চলাইছিল যদিও ডুব যোৱা লোককেইজনৰ কোনো হিচাপ এতিয়াও নাই। এন ডি আৰ এফৰ ১ম বেটেলিয়নে অহা বৃহস্পতিবাৰে পুৱা নতুনকৈ অনুসন্ধান অভিযান চলোৱা হ’ব বুলি জানিবলৈ দিয়ে।
ইয়াৰে একাংশ লোক গুৱাহাটীৰ উলুবাৰী ইস্কন মন্দিৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে। ঘটনাৰ কিছু সময়ৰ পূৰ্বে পানীত ডুব যোৱা লোক কেইজন নদীৰ পাৰলৈ গৈ ফল-মূল খাই নদীত গা ধুবলৈ গৈছিল।
নদীৰ পাৰত উপস্থিত হোৱা যুৱকৰ দলটোৰ নেতৃত্ব দিছিল ভক্তি কুটিৰৰ মালিকৰ পুত্ৰই। নদীৰ পাৰলৈ যোৱা যুৱকসকলৰ ভিতৰত আছিল অষ্ট্ৰেলিয়াৰ পৰা অহা পৰিনাম নায়াৰকে ধৰি আমেৰিকা আৰু অষ্ট্ৰেলিয়াৰ যুৱক। নিৰুদ্দেশ হোৱা লোক কেইজনৰ ভিতৰত আছে দিল্লীৰ এজন যুৱক, গুৰগাঁৱৰ পৰা বিশ্বনাথ সাগৰ, গুৱাহাটীৰ অভিজীত, বঙাইগাঁৱৰ ৰৌনক দাস, শোণিতপুৰৰ পৰা উপেশ কুমাৰ। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
हिन्दुस्थान समाचार / অৰৱিন্দ
