তিনিচুকীয়া, ০২ ডিচেম্বৰ (হি.স.)।
এম্বুলেন্স দুৰ্ঘটনাত পাঁচ জন লোক মৃত্যু হোৱা ডিগবৈ পাৱৈ চাহ বাগিছাৰ মৃতকৰ ঘৰে ঘৰে উপস্থিত হয় বিধায়ক সুৰেন ফুকন। বিধায়ক গৰাকীয়ে এই দুৰ্ঘটনাত মৃতক কেইজনৰ নিকট আত্মীয় লোকক মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা ২ লাখ টকাকৈ প্ৰতিজনৰ ঘৰত চেক বিতৰণ কৰে।
ইফালে চিকিৎসাধীন অৱস্থাত থকা সাত জনক ২৫ হাজাৰ টকাকৈ প্ৰদান কৰা হয়। উল্লেখ্য যে যোৱা ২৫ নৱেম্বৰত ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ চিকিৎসাৰ বাবে যোৱা এম্বুলেন্স খন তিনিচুকীয়া মাকুমত দুৰ্ঘটনাত পতিত হৈছিল। এই ঘটনাত মৃত্যু হৈছিল পাঁচজন লোকৰ। আনহাতে আহত হয় আন সাতজন লোক । এই সকল সম্প্ৰতি চিকিৎসাধীন হৈ আছে।
মন কৰিবলগীয়া যে এম্বুলেন্স খনত অত্যাধিক ৰোগী প্ৰেৰণ কৰা হৈছিল । ইয়াৰ বাবে বাগিছাৰ চিকিৎসক জনৰ বিৰুদ্ধে সৰৱ হৈ পৰে বিধায়ক ফুকন।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
