নতুন দিল্লী, ০২ ডিচেম্বৰ (হি.স.)। সংসদৰ শীতকালীন অধিৱেশনৰ দ্বিতীয় দিন আৰম্ভ হোৱাৰ পূর্বে কংগ্রেছ নেতৃত্বাধীন ভাৰতীয় মিত্রজোঁটৰ নেতাসকলে নির্বাচনী তালিকাৰ বিশেষ নিবিড় সংশোধন (এছআইআৰ)ৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰে৷ সংসদৰ বাহিৰত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধী, লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধী, কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী, সাধাৰণ সম্পাদক কে চি ভেনুগোপাল, লোকসভাৰ কংগ্ৰেছৰ উপ নেতা গৌৰৱ গগৈ, প্ৰমোদ তিৱাৰীকে ধৰি কেইবাটাও দলৰ জ্যেষ্ঠ নেতা উপস্থিত থাকে।
নেতাসকলে শাৰী পাতি পোষ্টাৰ আৰু বেনাৰ হাতত লৈছিল। পোষ্টাৰসমূহত দলিত, পিছপৰা শ্ৰেণী, আৰু জনজাতীয় লোকৰ ভোট নিৰ্মূল কৰা নহয়, এছআইআৰ শেষ কৰক, ভোট চুৰি বন্ধ কৰক, এছআইআৰ বন্ধ কৰক, গণতন্ত্ৰ বচাওক, আৰু এছআইআৰ গণতন্ত্ৰৰ বিৰুদ্ধে অপৰাধ আদি শ্লোগান প্ৰদৰ্শিত হৈছিল। প্ৰতিবাদকাৰীসকলে এছআইআৰ বন্ধ কৰক ধ্বনিও দিয়ে।
কংগ্ৰেছ আৰু ভাৰতীয় মিত্ৰজোঁটে এছ আই আৰ প্ৰৱৰ্তনৰ পিছৰে পৰা নিৰ্বাচন আয়োগ আৰু শাসকীয় বিজেপিক আক্ৰমণ কৰি আহিছে। তেওঁলোকৰ অভিযোগ যে এছ আই আৰে তেওঁলোকৰ মূল ভোটাৰৰ ভোট কৰ্তন কৰিছে।
हिन्दुस्थान समाचार / অৰৱিন্দ
