নগাঁও, ২৯ আগষ্ট (হি.স.): নগাঁও জিলাৰ কলিয়াবৰত বুধবাৰে নিশা বীৰ লাচিত সেনাই কলিয়াবৰত এগৰাকী মহিলা সহ তিনিজন লোকক বঙ্গমুলৰ মুছলমান বুলি সন্দেহ কৰি আটক কৰা সন্দৰ্ভত বৃহস্পতিবাৰে নিশা ৯-৩০ বজাত সংবাদমেল সম্বোধন কৰে কলিয়াবৰ সমজিলা আৰক্ষী অধীক্ষক বিতুল চেতিয়াই। উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাৰ ইমামুদ্দিন পাঠান আৰু নগাঁও জিলাৰ জুৰিয়া আৰক্ষী থানা এলেকাধীন শালপাৰৰ হাচমত আলি আৰু হাচমতৰ জিয়ৰী হাচেনা খাতুনৰ সন্দৰ্ভত স্পষ্ট কৰে আৰক্ষী অধীক্ষক গৰাকীয়ে।
চৰাইদেউ জিলাৰ সোনাৰীৰ বাবুল আলি নামৰ লোক জনৰ ইটা ভাটাত কৰ্মৰত আছিল তিনিওগৰাকী লোক। ধৃত লোক তিনিজনৰ বিৰুদ্ধে কলিয়াবৰ আৰক্ষীয়ে তদন্ত কৰি জানিব দিয়ে যে ধৃত তিনিওৰে বিৰুদ্ধে কোনো অপৰাধ জনিত গোচৰ অথবা বিদেশী ন্যায়ধীশ আদালতত কোনো ধৰণৰ গোচৰ বৰ্তমানে ৰুজু হৈ থকা নাই। অন্যহাতেদ মহিলা গৰাকীয়ে শিৰত সেন্দুৰ লোৱা সন্দৰ্ভতো আৰক্ষীয়ে কৰা তদন্তত পোহৰলৈ আহে যে মোজফৰপুৰৰ পৰিয়ালৰ মুছলমান মহিলা সকলে পূৰ্বৰে পৰা শিৰত সেন্দুৰ লয়। অন্যহাতেদি আইন হাতত লোৱা সকলৰ বিৰুদ্ধেও আৰক্ষীয়ে ব্যৱস্থা হাতত ল’ব বুলি সংবাদ মেলত অৱগত কৰে সমজিলা আৰক্ষী অধীক্ষক গৰাকীয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
