ডিব্ৰুগড়, ১৮ জানুৱাৰী(হি.স.)। সদ্য ঘোষিত এপিএচচি পৰীক্ষাত স্থান দখল কৰিবলৈ সক্ষম হৈছে দুলীয়াজানৰ কমলাবাৰী পথৰ সমীপৰ শংকৰদেৱ নগৰৰ প্ৰয়াত কনক গগৈ আৰু তৃপ্তি গগৈৰ পুত্ৰ নিজম গগৈয়ে। এপিএচছি পৰীক্ষাৰ গাণনিক বিভাগত স্থান লাভ কৰাৰ পিচতেই নিজম গগৈৰ বাসগৃহত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে।
নিজম গগৈয়ে অতি নিষ্ঠা আৰু সততাৰে ৰাইজৰ সেৱা আগবঢ়াই যাব বুলি জানিবলৈ দিয়ে। পুত্ৰৰ সফলতাত মাতৃ খুবেই গৌৰৱান্বিত বুলি জানিবলৈ দিয়ে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/ৰমেন/মনোজ
