গোৱালপাৰা, ১৩ জুলাই (হি.স.)। গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ পাইকান সংৰক্ষিত বনাঞ্চল এলেকাৰ বিদ্যাপাৰা আৰু বেতবাৰী অঞ্চলত আজি দ্বিতীয় দিনাও চলিল উচ্ছেদ অভিযান ৷ উচ্ছেদিত বিদ্যাপাৰা আৰু বেতবাৰীত আজি তামোল আৰু নাৰিকল গছ সমূহ কাটি পেলায় বন বিভাগ তথা জিলা প্ৰশাসনে ৷
বৃহৎ সংখ্যক আৰক্ষী প্ৰশাসন, বন বিভাগৰ লোকৰ সহযোগত আজি দ্বিতীয় দিনাও কেইবাখনো এক্সকেভেটৰ আৰু প্ৰায় পঞ্চাশটা হোণ্ডা শ্ব’ মেচিনেৰে পুৱাৰে পৰা তামোল,নাৰিকল গছ সমূহ কাটি পেলোৱাৰ লগতে কালি ভাঙিবলৈ ৰৈ যোৱা কিছু ঘৰ সম্পূৰ্ণ কৈ ভাঙি উচ্ছেদ অভিযান চলায় ৷ উচ্ছেদ অভিযানত আৰক্ষীৰ লগতে কামাণ্ডো বাহিনীও নিয়োগ কৰা হয় ৷
শণিবাৰে পাইকান সংৰক্ষিত বনাঞ্চলৰ ১৩৮ হেক্টৰ ভূমি বেদখল মুক্ত কৰে বন বিভাগ তথা জিলা আৰক্ষী প্ৰশাসন ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
