গোলাঘাট, ১২ জুলাই (হি.স.): বানবিধ্বস্ত নুমলীগড়ত এতিয়া বানাক্ৰান্তৰ অশ্ৰু বৈছে । পানী ওলাই যোৱাৰ পাছত নিজৰ সপোনৰ বাসগৃহলৈ উভতিছে সকলো। নিজৰ সপোনৰ ঘৰতো বাঢ়নী পানীৰ পৰা মুক্ত হৈছে যদিও কেন্দুগুৰি অঞ্চলত এতিয়াও চোতালত পানী,পথ পানীৰ তলত। চাৰিওফালে দুৰ্গন্ধ, চোতালত কেঁচু, চোতালত একাঠু পলস। তেনেদৰেই এতিয়া সপোনৰ ঘৰ খনলৈ আহিছে বানাক্ৰান্ত সকল।
ইফালে নিজৰ সপোনৰ সেউজীয়া পথাৰখন পানীৰ তলৰ পৰা নোলোৱা দেখি হাঁহাকাৰ কৰিছে বন্যাৰ্ত কৃষকে। এই সকল বন্যাৰ্তৰ কাষত এতিয়া থিয় দিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্ব। খোৱাপানীৰ অভাৱ থকা বন্যাৰ্তক খোৱাপানী, ম’ম, ফেনাইল, ব্লিচিং পাউদাৰ আদি প্ৰদান কৰি কিছু সকাহ দিয়াৰ চেষ্টা কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
