কামৰূপ, ২২ অক্টোবৰ। কামৰূপ জিলাৰ ৰঙিয়াৰ ৰাজপথত উদ্ধাৰ হৈছে এটা দুষ্প্ৰাপ্য প্ৰজাতিৰ কাছ। ৰঙিয়াৰ সমীপৰ বনগাঁৱত পাপুলি আলী নামৰ যুৱকজনে প্ৰথমে পুখুৰীৰ পৰা উঠি ৰাজপথৰ ওপৰতে ৰৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰে এটা দুস্প্ৰাপ্য কাছ ।
পিছত ই-ৰিক্সা চালক পাপুলি আলীয়ে স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ কৰে কাছটো। উদ্ধাৰ কৰা কাছটো চাবলৈ হেতা ওপৰা লাগে ৰাইজৰ। উদ্ধাৰ কৰাৰ পিছত ৰাইজে বন বিভাগক চমজাই দিয়ে কাছটো।
