
১৭ ডিছেম্বৰ (হি স)। এতিয়া ডিচেম্বৰ মাহ, শীতৰ আগমনৰ লগে লগে বনভোজস্থলী সমূহলৈ আগমন ঘটে বনভোজকাৰি দল সমূহৰ। ইয়াৰ ব্যতিক্ৰম হোৱা নাই ওডালগুৰি জিলাৰ ত্ৰিবেনী সংগম ভৈৰৱকুণ্ড। সেই ভৈৰবকুণ্ডই সকলোকে হাতবউলী মাতিছে ইয়াৰ প্ৰাকৃতিক সৌন্দয্যই। এই ত্ৰিবেনী সংগমত বৰ্তমান বহু দুৰ দুৰনীৰ বনভোজকাৰী দল সমুহৰ সমাগম ঘটিছে।
অসমৰ লগতে অৰুনাচল, ভুটান ৰাষ্ট্ৰৰ পৰাও আহি ভিৰ কৰেহি দল সমূহে। ভৈৰৱকুণ্ড ইক” টুৰিজিম কনজাৰভেচন চ”চাইটি নামৰ এনজিঅ”ই চোৱা-চিতা কৰে এই বনভোজস্থলি। আজি দেওবাৰে বনভোজৰ দল সমূহৰ বাবে বিৰ দি বাট নোপোৱা হৈ পৰিছে । স্কুলীয়া ছাত্ৰ ছাত্ৰী লগতে ডেকাৰ পৰা বৃদ্ধলৈ সকলো আহি ভিৰ কৰে ভৈৰবকুণ্ডত। তথাপিও ভৈৰবকুণ্ডৰ ওপৰত চৰকাৰে যি ধৰনৰ গুৰুত্ব প্ৰদান কৰি অধিক উন্নত পয্যায়ৰ পৰ্যত্ৰন স্থলী হিচাপে গঢ়িব লাগিছিল, সেই হিছাপে গুৰুত্ব প্ৰদান কৰা নাই বুলি বনভোজকাৰী দল সমূহে আক্ষেপ কৰিছে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
