নতুন দিল্লী, ১৭ ডিছেম্বৰ (হি.স.)। আজি (দেওবাৰে) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিজৰ সংসদীয় সমষ্টি উত্তৰ প্ৰদেশৰ গৃহ ৰাজ্য গুজৰাট আৰু বাৰাণসী ভ্ৰমণ কৰিব। বিজেপিৰ এক্স হেণ্ডেলত দুয়োখন ৰাজ্যৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচী সন্দৰ্ভত চিত্ৰাংকিত তথ্য শ্বেয়াৰ কৰিছে। প্রধানমন্ত্রীয়ে প্রথমে চুৰাটত পুৱা ১০:৪৫ বজাত চুৰাট বিমানবন্দৰৰ সংহত টার্মিনেল ভৱন উদ্বোধন কৰিব ৷ ইয়াৰ পিছত তেওঁ দিনৰ ১১:১৫ বজাত চুৰাট হীৰা ব’ৰ্ছ উদ্বোধন কৰিব।
প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কালি এক্স হেণ্ডেলত চুৰাট ডাইমণ্ড ব’র্ছৰ ফটো আপলোড কৰি আনন্দ প্রকাশ কৰিছে ৷ তেওঁ লিখিছে, ‘মই ১৭ ডিছেম্বৰত চুৰাটত থাকিম। চুৰাট বিমানবন্দৰৰ নতুন সংহত টাৰ্মিনেল ভৱন উদ্বোধন কৰা হ’ব। চুৰাটৰ বাবে এইটো এটা ডাঙৰ আন্তঃগাঁথনি উন্নীতকৰণ। ইয়াৰ দ্বাৰা ‘জীৱন সহজ’ৰ প্ৰসাৰ ঘটিব। চহৰখন আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ বাবে অধিক বাণিজ্য নিশ্চিত কৰিব।
প্ৰধানমন্ত্ৰীয়ে কয়, ‘কাইলৈ চুৰাটত চুৰাট হীৰা ব’ৰ্ছ উদ্বোধন কৰা হ’ব। ই হীৰা উদ্যোগৰ বাবে এক ডাঙৰ বুষ্ট হ’ব। ইয়াত কাষ্টম ক্লিয়াৰেন্স হাউচ, গহণা মল, আন্তঃৰাষ্ট্ৰীয় বেংকিং আৰু বিভিন্ন সুবিধা থাকিব। বিজেপিৰ এক্স হেণ্ডেলত শ্বেয়াৰ কৰা তথ্য অনুসৰি বাৰাণসীত বিয়লি ৩:৩০ বজাত প্ৰধানমন্ত্ৰী মোদীয়ে বিকাশ ভাৰত সংকল্প যাত্ৰাত অংশগ্ৰহণ কৰিব। ইয়াৰ পিছত তেওঁ সন্ধিয়া ৫:১৫ বজাত কাশী তামিল সংগমম-২০২৩ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
