গোৱালপাৰা, ১৩ নৱেম্বৰ (হি.স.)। গোৱালপাৰাৰ মাটিয়াত বনৰীয়া হাতীয়ে ভাঙিলে বাসগৃহ । আজি পুৱতি নিশা পশ্চিম মাটিয়া ইছলামপুৰৰ জয়নাল আবেদিনৰ দুটা বাসগৃহ ধ্বংস কৰি পেলায় এটা বন্যহস্তীৰ জাকে । বাসগৃহৰ ভিতৰত থকা ধান-চাউল খাই তহিলং কৰাৰ উপৰিও যাৱতীয় সা-সৰঞ্জাম ভাঙি -চিঙি বিস্তৰ ক্ষতি সাধন কৰে ।
সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰে পৰিয়ালৰ লোক সকলৰ । কিছুদিন ধৰি মাটিয়া অঞ্চলটোত প্ৰায় ৪৮ টা বনৰীয়া হাতীৰ এটা জাকে উপদ্ৰৱ চলাই আহিছে । বহু কৃষকৰ পথাৰৰ পকা ধান, শাকনিবাৰী, গছ-গছনি ভাঙি বিস্তৰ ক্ষতি সাধন কৰি আহিছে হাতীৰ জাকটোৱে । বৰ্তমান বনৰীয়া হাতীৰ জাকটো পশ্চিম মাটিয়া পাহাৰত আশ্ৰয় লৈ আছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
