– আই ই ডি বিস্ফোৰণৰে আক্ৰমণ, অঞ্চলটোত অব্যাহত আছে অনুসন্ধান অভিযান
ইছলামাবাদ, ২২ জুন (হি.স.)। পাকিস্তানৰ দক্ষিণ-পশ্চিম বেলুচিস্তান প্ৰদেশৰ কালাট জিলাত শনিবাৰে সংঘটিত বোমা বিস্ফোৰণত দুজন নিৰাপত্তাৰক্ষী নিহত হোৱাৰ লগতে চাৰিজন লোক আহত হয়। এই তথ্য এজন নিৰাপত্তাৰক্ষীৰ বিষয়াই দিছে।
কালাত জিলাৰ মংগোচৰ অঞ্চলৰ গ্ৰাম্য জোবান এলেকাত নিৰাপত্তাৰক্ষীৰ এখন বাহনে টহল দি থকা অৱস্থাত সংঘটিত হয় এই ঘটনা। ইয়াৰ পিছতে পথৰ দাঁতিত লুকুৱাই ৰখা এটা বিস্ফোৰক পদাৰ্থ (আই ই ডি) অচিনাকি আক্ৰমণকাৰীয়ে ৰিম’টৰ সহায়ত উৰুৱাই দিয়ে।
ঘটনাৰ পিছতে নিৰাপত্তা বাহিনী আৰু উদ্ধাৰকাৰী দলে ততাতৈয়াকৈ সেই স্থানত উপস্থিত হৈ আহত আৰু মৃতকক ওচৰৰ চিকিৎসালয়লৈ লৈ যায়।
বৰ্তমান কোনো সন্ত্ৰাসবাদী সংগঠনে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই।
বিস্ফোৰণৰ পিছতে অঞ্চলটো ঘেৰাও কৰি তালাচী অভিযান আৰম্ভ কৰা হৈছে। সূত্ৰ অনুসৰি, তালাচী অভিযানৰ সময়ত গুলীচালনাৰ খবৰো পোৱা গৈছে যদিও এই সন্দৰ্ভত আৰু কোনো তথ্য পোৱা নাই।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
