
বিশ্বনাথ, ০৯ জানুৱাৰী (হি স)। বিশ্বনাথ জিলাৰ গহপুৰৰ ভলুকাগুৰি পাৰঘাটত ষাঠিহাজাৰ টকীয়া এখন বাঁহৰ দলং নিৰ্মাণ কৰা হৈছে। দলংখন নিৰ্মাণ কৰি উলিয়াইছে উক্ত অঞ্চকৰ জয়ন্ত বড়ি নামৰ যুৱকজনে।
প্ৰায় ৩০০ ফুট দৈৰ্ঘ আৰু ৫০০ বাঁহ ব্যৱহাৰ কৰি ২০ দিনত সম্পূৰ্ণ কৰি উলিয়াইছে দলংখন। উক্ত অঞ্চলত কুৰিৰো অধিক গাৱঁৰ ৰাইজে এতিয়া টুলুঙা নাৱৰ পৰিৱৰ্তে উক্ত দলঙেৰে খোজ কাঢ়ি যাতায়ত অব্যাহত ৰাখিব পাৰিছে। খাৰৈনৈদ ওপৰত দীৰ্ঘবছৰ ধৰি দলং নথকাৰ বাবে ৰাইজ বহু সময়ত যাতায়তত সমস্যা ভুগি আহিছিল। এতিয়া এই বাঁহৰ দলংখনে কিছু হ’লেও সঁকাহ দিছে ৰাইজক।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
