তিনিচুকীয়া, ২৬ জুলাই (হি.স.)। তিনিচুকীয়া জিলাৰ ডিগবৈ অতি ভিতৰুৱা পাৱৈ বনগাঁৱৰ পৰা হিমানী গুৰুঙ নামৰ মেধাৱী ছাত্ৰীগৰাকীয়ে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ইছৰো)ৰ আলোচনাত অংশগ্ৰহণৰ সুযোগ লাভ কৰিছে। ইছৰোৰ সৌৰ অভিযান আদিত্য় এল১ (ADITYA-L1) ৰ সন্দৰ্ভত অনুষ্ঠিত আলোচনাত ভাগ ল’ব উত্তৰ পূৰ্বৰ একমাত্ৰ ছাত্ৰী গৰাকীয়ে।
কেৰেলাৰ তিৰুৱন্তপুৰম বিশ্ববিদ্যালয়ৰত ইন্টাৰ ইউনিভাৰ্চিটি চেন্টাৰ ফ’ৰ এষ্ট্ৰনমী এণ্ড এষ্ট্ৰ ফিজিক্স (IUCAA) ৰ উদ্যোগত অনুষ্ঠিত কৰ্মশালাত সৌৰ পৰ্যবেক্ষণৰ পদ্ধতি, আদিত্য এল ১ ৰ সংগৃহীত তথ্যৰ বিশ্লেষন, আৰু সৌৰ বায়ুমণ্ডলৰ সম্পৰ্কীয় বিষয়ত আলোচনা কৰিব। উল্লেখ্য যে অতি ভিতৰুৱা এটা সাধাৰণ কৃষক পৰিয়াল ৰুদ্ৰ বাহাদুৰ গুৰুঙ আৰু মিলি মায়া গুৰুঙৰ দ্বিতীয় কন্যা হিমানী । সাধাৰন বাঁহ আৰু টকৌপাতৰ ঘৰটোৰ পৰা পঢ়া শুনা কৰি বৰ্তমান পদাৰ্থ বিজ্ঞানত এগৰাকী চিনাকি ছাত্ৰী হিমানী ।
এখন সমস্যাৰে ভাৰাক্ৰান্ত গাঁৱৰ পৰা অনেক প্ৰত্যাহ্বানৰ মাজেদি পঢ়া শুনা কৰা হিমানী স্কুলীয়া দিনৰ পৰা প্ৰৱল মেধাৱী আছিল । মাৰ্ঘেৰিটা চেইন্ট মেৰিজ স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ ডিব্ৰুগড় ছল্ট ব্ৰুক একাডেমীৰ পৰা দ্বাদশ শ্ৰেণী সফলতাৰে উত্তীৰ্ণ হয় হিমানী। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতক পৰীক্ষাত পদাৰ্থ বিজ্ঞান বিভাগত তৃতীয় স্থান লাভেৰে কৃতকাৰ্যতা লাভ কৰি বৰ্তমান তেজপুৰ বিশ্ববিদ্যালয়ত পদাৰ্থ বিজ্ঞানৰ (এপ্লাইড ফিজিক্স আৰু এষ্ট্ৰ’ফিজিক্স) স্নাতকোত্তৰ শাখাত অধ্যয়ন কৰি আছে।
সাধাৰণ কৃষক হিমানী পিতৃ মাতৃয়ে নিজ কন্যাৰ সফলতাৰ বাৰ্তা লাভ কৰি আনন্দিত হৈছে। লগতে ছাত্ৰীগৰাকীৰ সফলতাত স্থানীয় ৰাইজসকলো উৎফুল্লিত হৈ পৰিছে।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
