যোৰহাট, ০২ জানুৱাৰী (হি.স.)। যোৰহাট জিলাৰ পশ্চিম ৰাজহ চক্ৰ কাৰ্যালয়ৰ দুজন লাট মণ্ডল নিলম্বিত কৰা হৈছে। নথি-পত্ৰ জালিয়াতিৰ অভিযোগৰ বাবে এই নিলম্বিত কৰা হৈছে।
খবৰ অনুসৰি যোৰহাটৰ পশ্চিম ৰাজহ চক্ৰ কাৰ্যালয়ৰ দুজন লাট মণ্ডলক বাইপাছৰ সমীপত এক বিঘা চৰকাৰী মাটি জাল কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰি নিলম্বন কৰা হৈছে। নিলম্বিত লাট মণ্ডল দুজন ক্ৰমে অনিমেশ শইকীয়া আৰু মুনীন্দ্ৰ বৰা বুলি চিনাক্ত কৰা হৈছে।
প্ৰৱঞ্চনামূলক চৰকাৰী ভূমি অধিগ্ৰহণৰ তথ্যৰ ভিত্তিত যোৰহাট জিলা উপায়ুক্তৰ তদন্তৰ অন্তত দুয়োকে নিলম্বন কৰা হয়। অধিক তদন্ত অব্যাহত আছে।
हिन्दुस्थान समाचार / অৰৱিন্দ
