গুৱাহাটী, ১৬ জানুৱাৰী (হি.স.)। গুৱাহাটী মহানগৰীৰ মাজমজিয়াত আজি অসম আৰক্ষীৰ এছ টি এফ বাহিনীয়ে আটক কৰিছে এজন মাওবাদী নেতাক। বৰাকৰ পৰা গুৱাহাটীৰ বেতকুচিস্থিত আই এছ বি টিত উপস্থিত হোৱা মাওবাদী নেতাগৰাকীক এছ টি এফৰ এটা অভিযানকাৰী দলে আই এছ বি টিৰ পৰা আটক কৰে।
ধৃত মাওবাদী নেতাগৰাকীক আমিৰুদ্দিন আহমেদ(৫৪) ওৰফে সুনীল ওৰফে সূৰ্য্য বুলি চিনাক্ত কৰা হৈছে। মাওবাদী নেতাগৰাকীৰ ঘৰ ধুবুৰী জিলাৰ ফকিৰাগঞ্জৰ ছাটচিয়া পকিয়া গাওঁত বুলি জানিব পৰা গৈছে। ১৫ জানুৱাৰীৰ সন্ধিয়া এছ টি এফৰ এটা অভিযানকাৰী দলে মাওবাদী নেতাগৰাকীক আটক কৰে। ২০০৯ চনত তেওঁ সংগঠনত যোগদান কৰিছিল আৰু সম্প্ৰতি মাওবাদী নেতাগৰাকীয়ে কাছাৰ জিলাত গণ সংগঠক তথা ডিব্ৰুগড় জিলাত পৰ্যবেক্ষক হিচাবে নিয়োজিত আছিল বুলি এছ টি এফে সদৰী কৰে। মাওবাদী নেতাজনে বৰাক উপত্যকাৰ বিভিন্ন আদবাসী অঞ্জলত সাংগঠনিক কুজকাৱাজ চলাইছিল। ধৃত মাওবাদীজনৰ পত্নী নিৰ্মলা বিশ্বাস ওৰফে সীমা ওৰফে শুভ্ৰাও এগৰাকী মাওবাদী নেত্ৰী আৰু পশ্চিম বংগত মাওবাদী কাম কাজত লিপ্ত বুলিও এছ টি এফে জানিবলৈ দিয়ে।
ইফালে মাওবাদী নেতাগৰাকীক পিছত গ্ৰেপ্তাৰ কৰা হয় আৰু আদালতত হাজিৰ কৰা হয়।
হিন্দুস্থান সমাচাৰ/আলোক/মনোজ
