নগাঁও, ২১ নৱেম্বৰ (হি.স.)। নগাওঁ চহৰৰ এডিপি পথত থকা তুলসী মেডিকেলৰ স্বত্বাধিকাৰী অৰ্জুন শ্বাহাক কালি নিশা দুৰ্বৃত্তই আক্ৰমণ কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে। নিশা নিজ ব্যৱসায় সামৰি ঘৰলৈ গৈ থকা অৱস্থাত বাটত দুই যুৱকে আগচি ধৰি গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰাৰ লগতে যুৱক জনৰ গুপ্তাঙ্গতো আঘাত কৰে।
ঘটনা সন্দৰ্ভত ভুক্তভোগী যুৱক জনে হয়বৰগাঁও আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত হয়বৰগাঁও আৰক্ষীয়ে শংকৰ দত্ত আৰু দুলাল পাল নামৰ দুজন লোকক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/আলোক.
