গুৱাহাটী, ১৪ আগষ্ট(হি.স.)। বৰ্তমান ৰাজ্যৰ শাসকীয় বিজেপি মিত্ৰ জোটৰ অংশীদাৰী দল অসম গণ পৰিষদ(অগপ)ৰ যুৱ সংগঠন অসম যুৱ পৰিষদৰ উদ্য়োগত আৰু অসম যুৱ পৰিষদ গুৱাহাটী মহানগৰ সমিতিৰ সহযোগত ১৪ আগষ্টত মহানগৰৰ দীঘলীপুখুৰী চৌহদত অসম আন্দোলনত প্ৰাণ বিসৰ্জন দিয়া ৮৬০ গৰাকী শ্বহীদক স্মৰণ কৰিবলৈ আৰু অসম চুক্তি স্বাক্ষৰ হোৱাৰ ৪০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে এক অনুষ্ঠানৰ আয়োজন কৰা হৈছে।
অনুষ্ঠানত অগপৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত আৰু অসমৰ ভালেকেইজন বিশিষ্ঠ ব্য়ক্তি উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ
