বজালী,০২ ফেব্ৰুৱাৰী (হি.স.)। পাঠশালাত অবৈধ পলস ভৰ্তি,বাৰ্লি ভৰ্তি ডাম্পাৰৰ বিৰুদ্ধে নিশা পাঠশালা আৰক্ষীৰ অভিযান। নথি পত্ৰ নথকা আৰু চালান নোহোৱা ৫ খন কৈ ডাম্পাৰ জব্দ কৰিলে পাঠশালা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অনুপজ্যোতি পাটগিৰিয়ে।
কিন্তু ৰহস্য জনক ভাবে কেইটামান ঘন্টা পিছতে মুকলি কৰি দিয়ে ডাম্পাৰ কেইখন। যি সময়ত ৰাজপথত অবৈধ নথি পত্ৰ,নাম্বাৰ প্লেট বিহীন ডাম্পাৰ দৌৰাত্মই ৰাইজক জ্বলা কলা খুৱাইছে সেই সময়ত পাঠশালা আৰক্ষীৰ এনেকুৱা কাণ্ডই চিন্তনীয় কৰি তুলিছে সাধাৰণ জনতাক।
