শোণিতপুৰ, ১২ জানুৱাৰী,(হি.স.)। সন্মুখত হেঁপাহৰ ভোগালী, আখলত ব্যস্ত গাঁৱৰ জীয়ৰি-বোৱাৰী৷ শীতৰ শুভ্ৰবসন পৰিধান কৰি আহিছে ভোগৰ উৎসৱ ভোগালী। ভোগালী বিহুলৈ মাজত মাত্ৰ এটা দিন বাকী। গাঁৱৰ জীয়ৰী-বোৱাৰী সকলো ব্যস্ত পিঠা-পনা বনোৱাত।
ভোগালীৰ বাবে বৰছলাত একাংশ মহিলা এতিয়া ব্যস্ত আখলত পিঠা-পনা বনোৱাত। বিভিন্ন ধৰণৰ পিঠা বনাই ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলাইছে গাওঁখনৰ মহিলা সকলে। হেৰাই যাব খোজা ঢেকিৰ শব্দত প্ৰাণপায় উঠিছে নিজ বৰছলা গাওঁখন ,দিছে ভোগালীৰ আগমনি বতৰা৷
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/ৰমেন/আলোক.
