গুৱাহাটী, ২৮ অক্টোবৰ (হি.স.)। মহানগৰীত অব্যাহত থকা চুৰি ডকাইতি কাণ্ডৰ মাজতে গুৱাহাটী মহানগৰ আৰক্ষীয়ে শনিবাৰে স্কুটী আৰোহী তিনি ডকাইতক পথচাৰীৰ পৰা ভয় ভাবুকিৰে ধন কাঢ়ি নিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰে। দিনৰ পোহৰতে বশিষ্ঠ থানাৰ সমীপত এজন ব্যক্তিৰ পৰা নগদ ১০ হাজাৰ টকা কাঢ়ি নিছিল ডকাইত কেইটাই।
ঘটনাটোৰ ভুক্তভোগী গৰাকী বশিষ্ঠ আৰক্ষী আৰু অপৰাধ অনুসন্ধান শাখাত এই ঘটনাৰ বিষয়ে অৱগত কৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিছতে তিনিওটা ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ তালাচী অভিযান চলায়।
পঞ্জীয়ন নম্বৰ এএছ০১ এফ এ ৩২০৬ স্কুটীত আহি তিনিওটা ডকাইতে বশিষ্ঠ থানাৰ পৰা ৫০০ মিটাৰ দূৰত্বত অৱস্থিত বশিষ্ঠ চাৰিআলিৰ ৰাষ্ট্ৰীয় ঘাইপথত ৰাজু যাদৱ নামৰ যুৱকজনৰ পৰা নগদ ১০ হাজাৰ টকা কাঢ়ি লৈ যায়।
ঘটনাৰ পিছতে ভুক্তভোগী ৰাজুৱে আৰক্ষীৰ কাষ চাপি এই বিষয়ে অৱগত কৰে। অভিযোগৰ ভিত্তিত ক্ৰাইম ব্ৰাঞ্চৰ সৈতে আৰক্ষীয়ে তালাচী অভিযান আৰম্ভ কৰি দুষ্কৃতিকাৰীক সফলতাৰে গ্ৰেপ্তাৰ কৰে। সম্প্ৰতি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ /ৰমেন/আলোক.
