বঙাইগাঁও, ১৭ জুলাই (হি.স.)। অভয়াপুৰীৰ লতিবাৰী প্ৰথম খণ্ড গাঁৱত বৃহস্পতি বাৰে পুৱতি নিশা সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। অঞ্চলটোৰ নিৱাসী ৱাহেদ আলী,আক্বাবৰ আলী,মগৰব আলীৰ বাসগৃহত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা, বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ একাংশ ৰাইজৰ।
লতিবাৰী গাঁৱত সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ ঘটনাত তিনিটাকৈ বাসগৃহ জুইত জাহ যোৱাৰ লগতে কেইবালাখ টকাৰ সা-সম্পত্তি ক্ষতি সাধন হৈছে। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হয়। সন্দেহ অনুসৰি বৈদ্যুতিক চৰ্ত শ্বাৰ্কিটৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
