গুৱাহাটী, ২৯ নৱেম্বৰ (হি.স.)। শেহতীয়াকৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰা বিজ্ঞপ্তি আৰু ২০২৪ চনৰ ৰাজ্যপাল সন্মিলনত আগবঢ়োৱা প্ৰস্তাৱৰ ভিত্তিত সমগ্ৰ দেশতে ৰাজ্যপালৰ বাসগৃহৰ নাম সলনি কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ইয়াৰ লগত সংগতি ৰাখি অসম চৰকাৰেও ‘ৰাজ ভৱন’ৰ নাম সলনি কৰি ‘লোক ভৱন’ ৰখাৰ সিদ্ধান্ত লৈছে।
জাৰি কৰা অধিসূচনা অনুসৰি, গৃহ মন্ত্ৰালয়ৰ ২৫ নৱেম্বৰ, ২০২৫ তাৰিখৰ স্মাৰক নং ৭/১০/২০২৫ (পাৰ্ট)-এম এণ্ড জিৰ ভিত্তিত স্পষ্ট কৰা হৈছে যে ৰাজ্যপালৰ কাৰ্যালয় এতিয়া ‘লোক ভৱন’ আৰু উপ-ৰাজ্যপালৰ কাৰ্যালয় ‘লোক আৱাস’ নামেৰে পৰিচিত হ’ব।
এই সিদ্ধান্তৰ লগে লগে “ৰাজ ভৱন অসম” নামটো এতিয়াৰে পৰা “লোক ভৱন অসম” ৰূপে আনুষ্ঠানিকভাৱে ব্যৱহাৰ কৰা হ’ব । চৰকাৰৰ মতে এই পৰিৱৰ্তনে প্ৰতিষ্ঠানটোৰ জনমুখী ভূমিকাক অধিক স্পষ্টভাৱে প্ৰতিফলিত কৰিব।
—————
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
