শিমলা, ০৮ আগষ্ট (হি.স.)। হিমাচল প্ৰদেশৰ চাম্বা জিলাৰ ভঞ্জৰাডু শ্বাহোৱা-ভাদকৱাছ পথত যোৱা নিশা এখন গাড়ী গভীৰ খাৱৈত পৰি থিতাতে মৃত্যু হয় এটা পৰিয়ালৰ চাৰিজন সদস্যসহ মুঠ ৬জন লোকৰ। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে গাড়ীখন সম্পূৰ্ণৰূপে বিধ্বস্ত হোৱাৰ বাবে গাড়ীখনত থকা কোনো লোকক উদ্কধাৰ কৰিব পৰা নাছিল।
তথ্য অনুসৰি এই গাড়ীখন চাম্বা জিলা সদৰৰ পৰা উভতি আহিছিল। গভীৰ নিশা চালকজনে পাধাৰী পোৱাৰ লগে লগে গাড়ীখনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱায় আৰু গাড়ীখন নিয়ন্ত্ৰণহীন হৈ গভীৰ খাৱৈত বাগৰি পৰে। দুৰ্ঘটনাত পতি-পত্নী, তেওঁলোকৰ দুটা সন্তানৰ লগতে আন দুজন লোকৰ থিতাতে মৃত্যু হয়। নিহত দুজন হৈছে নৰেণ সিঙৰ পুত্ৰ ৰাজেশ কুমাৰ (৪০), পত্নী হান্সো (৩৬), কন্যা আৰতি (১৭), পুত্ৰ দীপক (১৫), হৰি সিঙৰ পুত্ৰ ৰাকেশ কুমাৰ (৪৪) আৰু ইন্দৰ সিঙৰ পুত্ৰ হেম পাল (৩৭)। তাৰ ভিতৰত ৰাজেশ কুমাৰৰ পৰিয়ালটো ডাকঘৰ জংৰা গাঁও বুলৱাছৰ বাসিন্দা হোৱাৰ বিপৰীতে হেম পাল ডাকঘৰ ভঞ্জৰাডু গাঁও চালাঞ্চাৰ বাসিন্দা আছিল।
ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰৰ কাম আৰম্ভ কৰে আৰক্ষীৰ দলটোৱে। খাৱৈৰ পৰা উলিয়াই মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
শুকুৰবাৰে চাম্বা আৰক্ষীৰ এজন বিষয়াই জনোৱা মতে, এটা গোচৰ ৰুজু কৰি দুৰ্ঘটনাৰ কাৰণ সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে। প্ৰাথমিক তদন্তত আন্ধাৰৰ বাবে চালকজনে গাড়ীখন নিয়ন্ত্ৰণ কৰিব পৰা নাছিল বুলি সন্দেহ কৰা হৈছে।
দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে সমগ্ৰ অঞ্চলটোত শোকৰ ঢৌৱে দৌৰি গ’ল। এই দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং সুখুৱে।
এই পৰ্যন্ত বাৰিষাত পথ দুৰ্ঘটনাত ১০০ জন লোকৰ মৃত্যু-
২০ জুনত হিমাচল প্ৰদেশত বাৰিষাৰ খুন্দা মাৰিছিল। তাৰ পিছৰে পৰা ৰাজ্যখনত পথ দুৰ্ঘটনাত ১০০ জন লোকে প্ৰাণ হেৰুৱাইছে। মণ্ডি জিলাত সৰ্বাধিক ১৯ জন লোকৰ মৃত্যু হৈছে।চাম্বা আৰু শিমলাত ১৫ জনকৈ লোকৰ মৃত্যু হৈছে। সোলনত ১০ জন, কিন্নৌৰ আৰু কুল্লুত ৮ জনকৈ, উনা, ছিৰমৌৰ আৰু কংৰাত ৬ জনকৈ, বিলাসপুৰ আৰু হামিৰপুৰত ৩ জনকৈ আৰু লাহাউল স্পিতিত ১ জন লোকৰ মৃত্যু হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
