নতুন দিল্লী, ২৮ নৱেম্বৰ (হি.স.)। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ দুদিনীয়া ওড়িশা আৰু উত্তৰ প্ৰদেশ ভ্ৰমণ আজি লক্ষ্ণৌত সামৰণি পৰিব । ৰাষ্ট্ৰপতি ভৱনৰ এগৰাকী মুখপাত্ৰই উল্লেখ কৰে যে আজি লক্ষ্ণৌত ব্ৰহ্ম কুমাৰীসকলৰ বাৰ্ষিক বিষয়বস্তু গ্লোবেল ইউনিটি এণ্ড ট্ৰাষ্টৰ বাবে ধ্যান উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব।
মুখপাত্ৰগৰাকীৰ মতে, তাৰ পিছত ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰত স্কাউট আৰু গাইডৰ হীৰক জয়ন্তী উদযাপনৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ইয়াৰ ১৯ সংখ্যক ৰাষ্ট্ৰীয় অনুষ্ঠানতো ভাষণ দিব। মুখপাত্ৰগৰাকীয়ে লগতে কয় যে তেওঁৰ ভ্ৰমণৰ প্ৰথম দিনাই ভুৱনেশ্বৰত ওড়িশা বিধানসভাৰ সদস্যসকলক সম্বোধন কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে।
২০৩৬ চনৰ ভিতৰত এখন সমৃদ্ধিশালী ওড়িশা গঢ়াৰ বাবে সকলো অংশীদাৰক একেলগে কাম কৰিবলৈ আহ্বান জনায়।২০৪৭ চনৰ ভিতৰত ওড়িশাই ভাৰতৰ উন্নয়নত সৰ্বাধিক অৰিহণা যোগাব বুলি উল্লেখ কৰে।ৰাষ্ট্ৰপতিগৰাকীয়ে নাগৰিকৰ আকাংক্ষা পূৰণ কৰা, তেওঁলোকৰ সপোন বাস্তৱায়িত কৰা, আৰু তেওঁলোকৰ মুখত হাঁহি অনাটো জনপ্ৰতিনিধিৰ কৰ্তব্য বুলি উল্লেখ কৰে।
ৰাষ্ট্ৰপতিগৰাকী ওড়িশা বিধানসভা ভ্ৰমণৰ সময়ত পুনৰ নষ্টালজিক হৈ পৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে বহু বছৰৰ পাছত তেওঁৰ এই ঠাইখনৰ কথা মনত সজীৱ হৈ পৰিছে, য’ত তেওঁ এই সদনত বিধায়ক হিচাপে অসংখ্য প্ৰশ্ন কৰিছিল আৰু মন্ত্ৰী হিচাপে বিধায়কৰ প্ৰশ্নৰ উত্তৰ দিছিল। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰতীয় স্বাধীনতা সংগ্ৰাম আৰু জাতি-নিৰ্মাণৰ ক্ষেত্ৰত ওড়িশাই উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। এই ভূমিত চন্দ্ৰশোক ধৰ্মশোকলৈ ৰূপান্তৰ হোৱাৰ সাক্ষী হৈছিল। বিদেশী শাসনৰ বিৰুদ্ধে যুঁজ দি ওড়িশাৰ জনজাতীয় জনগোষ্ঠীয়ে দেশত এক আদৰ্শ দাঙি ধৰিছে ।
हिन्दुस्थान समाचार / অৰৱিন্দ
