হণ্ডৱাৰা, ১৪ আগষ্ট (হি.স.)। নিৰাপত্তা বাহিনীয়ে বৃহস্পতিবাৰে হণ্ডৱাৰাৰ হাজিন ক্ৰালগুণ্ড অঞ্চলৰ পৰা সন্ত্ৰাসবাদীৰ তিনিজন সহযোগীক গ্ৰেপ্তাৰ কৰে। তেওঁলোকৰ হাতৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু গুলীও উদ্ধাৰ কৰা হৈছে।
বৃহস্পতিবাৰে বিষয়াসকলে জনোৱা মতে, আৰক্ষী, সেনা আৰু চি আৰ পি এফৰ যৌথ দলে তালাচী অভিযানৰ সময়ত সন্ত্ৰাসবাদীৰ তিনিজন সহযোগীক গ্ৰেপ্তাৰ কৰে। সন্ত্ৰাসবাদীৰ আটকাধীন সহযোগী বানপোৰা লাংগাটে নিবাসী শ্বৰীফ দীন পণ্ডিতৰ পুত্ৰ মহম্মদ ইকবাল পণ্ডিত, চেকপাৰিন নিবাসী বছিৰ আহমেদ শ্বাহৰ পুত্ৰ সাজ্জাদ আহমেদ শ্বাহ আৰু ক্ৰালগুণ্ডৰ নিবাসী শ্বব্বিৰ আহমেদ মালিকৰ পুত্ৰ ইছফাক আহমেদ মালিক।
তেওঁ কয় যে তিনিওজনৰ হাতত এটা পিষ্টল, দুটা কাৰ্টিজ, ২০টা এ কে-৪৭ ৰাইফলৰ কাৰ্টিজ আৰু ২০টা পোষ্টাৰ উদ্ধাৰ কৰা হৈছে। এই সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
