টেল আভিভ, ০৮ আগষ্ট (হি.স.)। ইজৰাইলত কেইবাঘণ্টীয়া নিৰাপত্তা মন্ত্ৰীসভাৰ বৈঠকত সমগ্ৰ দেশতে ব্যাপক বিক্ষোভ অনুষ্ঠিত হয়। প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ গাজা সম্পূৰ্ণৰূপে দখল কৰাৰ প্ৰস্তাৱত নিৰাপত্তা কেবিনেটে অনুমোদন জনাইছে। এই সভাৰ অন্ত পৰিল গভীৰ নিশা। শুকুৰবাৰে পুৱা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে অৱগত কৰে যে বৈঠকত গাজা সম্পূৰ্ণৰূপে দখল কৰাত অনুমোদন জনোৱা হৈছে।
চিএনএন চেনেলৰ মতে, গাজাত হামাছৰ জিম্মাত ৰখা ৫০ জন পণবন্দীৰ ভিতৰত কিছুমানৰ পৰিয়ালে বৃহস্পতিবাৰে প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰক এই পৰিকল্পনা প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনায়। পণবন্দী আৰু নিৰুদ্দেশ পৰিয়াল মঞ্চই এক প্ৰেছ বিজ্ঞপ্তিযোগে কয় যে, গাজা সম্পূৰ্ণৰূপে দখল কৰাৰ সিদ্ধান্ত পণবন্দীসকলক বলি দিয়াৰ দৰেই। সিদ্ধান্ত গ্ৰহণ কৰাৰ সময়ত আমাৰ চকুলৈ চাওক। ৫০ জন পণবন্দীক ঘূৰাই অনাৰ বাবে চুক্তিত উপনীত হোৱাৰ সময় আহি পৰিছিল।
ইফালে গাজাত বাকী থকা পণবন্দীসকলৰ পৰিয়ালে চৰকাৰে যুদ্ধ তীব্ৰতৰ কৰাৰ পৰিকল্পনাক তীব্ৰ সমালোচনা কৰিছে। য়েহুদা কোহেনৰ পুত্ৰ নিমৰোদ এতিয়াও গাজাত বন্দী হৈ আছে। য়েহুদাই কয় যে, নেতানিয়াহুৱে পণবন্দীসকলৰ বিৰুদ্ধে কাম কৰি আছে। তেওঁ পণবন্দীসকলক ৰখা অঞ্চলটোৰ পৰিস্থিতি আৰু বেয়া কৰি তুলিছে। পণবন্দী আৰু নিৰুদ্দেশ পৰিয়াল মঞ্চৰ সৈতে জড়িত লিঅ’ৰ হ’ৰেভে কয় যে যুদ্ধ দীঘলীয়া কৰাৰ সিদ্ধান্ত জীয়াই থকাসকলৰ বাবে মৃত্যুদণ্ড হ’ব। জীৱিত আৰু মৃত পণবন্দীসকলক হামাছৰ নখৰ পৰা মুক্ত কৰাটো কঠিন হৈ পৰিব।
জেৰুজালেমৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ সন্মুখত গোৰোহা আৰু হাতৰ কব্জিত ডাঠ শিকলি পিন্ধি পণবন্দীসকলৰ একাংশ পৰিয়ালে কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে তেওঁলোকৰ মাত শুনাবলৈ দাবী জনায়। ইয়াত মিৰাণ-লাভিও উপস্থিত আছিল। ২২ মাহ ধৰি গাজাত পণবন্দী হৈ থকা স্বামী ওমৰি মিৰাণ। মিৰাণ-লাভিয়ে কয়, যেতিয়া যুদ্ধ বৃদ্ধিৰ পৰিকল্পনা প্ৰকাশ পাইছিল, তেতিয়া মই দেশৰ নেতৃত্বক কাতৰ অনুৰোধ জনাইছিলো। মই ইয়ালৈ আহিছো ক’বলৈ যে আমাক সোমাই যাওক, আমাৰ চকুলৈ চাই কওক আপুনি কি কৰিবলৈ ওলাইছে? আকৌ এবাৰ তেওঁলোকে কোনো সঁহাৰি নিদিলে। আনহাতে, টেল আভিভতো প্ৰতিবাদ হৈছে। ইজৰাইলৰ বহু চহৰ আৰু নগৰত মানুহে ৰাজপথত সভা অনুষ্ঠিত কৰিছে।
নেতানিয়াহুৱে গাজা সম্পূৰ্ণৰূপে দখল কৰাৰ পৰিকল্পনাৰ বাবে দক্ষিণ ইজৰাইলৰ কিবুট্জ নিৰ অজত পুনৰ নিৰ্মাণৰ কাম বন্ধ হৈ পৰিছে। উল্লেখযোগ্য যে ২০২৩ চনৰ ৭ অক্টোবৰত হামাছৰ যোদ্ধাসকলে কিবুট্জ নিৰ অজ দখল কৰিছিল। সন্ত্ৰাসবাদী আক্ৰমণৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা সম্প্ৰদায়সমূহৰ ভিতৰত কিবুটজ অন্যতম। এই সম্প্ৰদায়ৰ প্ৰতি চাৰিজন সদস্যৰ ভিতৰত এজনক হয় হত্যা কৰা হৈছিল নহয় অপহৰণ কৰা হৈছিল। এই সম্প্ৰদায়ৰ ৯ জন লোক এতিয়াও গাজাত পণবন্দী হৈ আছে। কিবুটজৰ প্ৰতিনিধিসকলে এক বিবৃতিত কয় যে, মন্ত্ৰীসভাৰ এই সিদ্ধান্ত সদায় নিন্দা কৰা হ’ব। এতিয়া কোৱাৰ সময় আহি পৰিছে – যথেষ্ট।
বৃহস্পতিবাৰে ইজৰাইলৰ নিৰাপত্তা মন্ত্ৰীসভাৰ বৈঠকৰ পূৰ্বে হামাছে কয় যে নেতানিয়াহুৰ আক্ৰমণাত্মক পৰিকল্পনাই যেন বুজাইছে যে তেওঁ পণবন্দীসকলক বলিদান দিব বিচাৰে। ইয়াৰ পূৰ্বে ইজৰাইল প্ৰতিৰক্ষা বাহিনীৰ মুৰব্বী লেফটেনেণ্ট জেনেৰেল ইয়াল জমিৰে মঙলবাৰে সন্ধিয়া নেতানিয়াহুৰ সৈতে হোৱা বৈঠকত সকীয়াই দিছিল যে গাজাৰ সম্পূৰ্ণ নিয়ন্ত্ৰণে সেনাবাহিনীক এনক্লেভত আৱদ্ধ কৰি পেলাব আৰু বাকী পণবন্দীসকলক বিপদত পেলাব। কেৱল এয়াই নহয়, বৃহস্পতিবাৰে জমিৰে ৰাজহুৱাভাৱে স্বীকাৰ কৰে সেনা আৰু ৰাজনৈতিক নেতৃত্বৰ মাজত থকা মতানৈক্য।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী
