নতুন দিল্লী, ১৬ অক্টোবৰ (হি.স.)। কংগ্ৰেছে সোমবাৰে মিজোৰাম বিধানসভা নিৰ্বাচনৰ বাবে ৪০খন বিধানসভা আসনৰ ভিতৰত ৩৯খন আসনৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰে।
উল্লেখযোগ্য যে ০৭ নৱেম্বৰত মিজোৰামত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব আৰু ০৩ ডিচেম্বৰত নিৰ্বাচনৰ ফলাফল প্ৰকাশ পাব। মিজোৰাম বিধানসভা নিৰ্বাচন সন্দৰ্ভত সোমবাৰৰ পৰা দুদিনীয়া ৰাজ্য ভ্ৰমণলৈ আহিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। ইয়াত তেওঁ আজি আইজলত এখন ৰাজহুৱা সভাত ভাষণ দিয়ে। কংগ্ৰেছৰ সূত্ৰই জনোৱা মতে, কাইলৈ তেওঁ নিৰ্বাচনৰ সন্দৰ্ভত দলীয় বিষয়াৰ সৈতে কেইবাখনো বৈঠকত মিলিত হ’ব।
ইতিমধ্যে শাসকীয় মিজো নেচনেল ফ্ৰণ্ট (এমএনএফ) আৰু প্ৰধান বিৰোধী দল জোৰাম পিপলছ মুভমেণ্টে ৪০ খন আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। অৱশ্যে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীৰ তালিকা এতিয়াও প্ৰকাশ কৰা নাই।
হিন্দুস্থান সমাচাৰ/আশুতোষ/মনোজ/অৰবিন্দ
