আহমেদাবাদ, ০৯ জানুৱাৰী (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী সম্প্ৰতি গুজৰাট ভ্ৰমণত আছে। ইয়াত ভাইব্ৰেণ্ট গুজৰাট সন্মিলন আৰু অন্যান্য কাৰ্যসূচীত তেওঁ অংশগ্ৰহণ কৰিব। আজি তেওঁ সংযুক্ত আৰব আমিৰশ্বাহীৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে ৰোড শ্ব’ অনুষ্ঠিত কৰিব। সোমবাৰে গভীৰ নিশা ইয়াত উপস্থিত হয় প্ৰধানমন্ত্ৰীগৰাকী।
আহমেদাবাদ পোৱাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে এক্স হেণ্ডেলত নিজৰ আনন্দৰ কথা ভাগ কৰে। তেওঁ কয়-” অলপ আগতে আহমেদাবাদ পালেহি। অহা দুদিনত তেওঁ ভাইব্ৰেণ্ট গুজৰাট সন্মিলন আৰু আনুষংগিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। এই সন্মিলনৰ সময়ত বিশ্বৰ বহু নেতাই অংশগ্ৰহণ কৰাটো অতি আনন্দৰ বিষয়। মোৰ ভাই মহম্মদ বিন জায়েদৰ আগমন অতি বিশেষ। ভাইব্ৰেণ্ট গুজৰাট সন্মিলনৰ সৈতে মোৰ অতি ঘনিষ্ঠ সম্পৰ্ক আছে। এই মঞ্চই গুজৰাটৰ উন্নয়নত কেনেদৰে অৰিহণা যোগাইছে আৰু বহু লোকৰ বাবে সুযোগ সৃষ্টি কৰিছে সেয়া দেখি মই আনন্দিত হৈছো।
ভাইব্ৰেণ্ট গুজৰাট গ্ল’বেল ছামিট উদ্বোধনৰ এদিন পূৰ্বে মঙলবাৰে চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ বাহিৰত ৰোড শ্ব’ৰ নেতৃত্ব দিব প্ৰধানমন্ত্ৰী মোডী আৰু ইউ এ ইৰ ৰাষ্ট্ৰপতিয়ে। আহমেদাবাদ চহৰৰ আৰক্ষী উপ আয়ুক্ত (যাতায়ত) চফিন হাছানে কয় যে ইউ এ ইৰ ৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনোৱাৰ পিছত সন্ধিয়া বিমানবন্দৰৰ পৰা তিনি কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰোড শ্ব’ আৰম্ভ হ’ব। ইন্দিৰা দলঙত শেষ হ’ব এই ৰোড শ্ব’। এই দলংখনে আহমেদাবাদক গান্ধী নগৰৰ সৈতে সংযোগ কৰে। ইয়াৰ পিছত দুয়োজন বিশিষ্ট ব্যক্তিয়ে নিজ নিজ গন্তব্যস্থান গান্ধীনগৰলৈ ৰাওনা হ’ব।
বুধবাৰে গান্ধী নগৰৰ মহাত্মা মন্দিৰ অধিৱেশন কেন্দ্ৰত প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰিব ভিজিজিএছৰ দশম সংস্কৰণ। আজি পুৱা প্ৰায় ৯.৩০ বজাত প্ৰধানমন্ত্ৰী মোদীয়ে গান্ধী নগৰৰ মহাত্মা মন্দিৰত উপস্থিত হ’ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে টুইটাৰযোগে পোষ্ট কৰি কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে সন্মিলনৰ সময়ত বিশ্বৰ নেতাসকলক সাক্ষাৎ কৰিব। এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে বিশ্বৰ শীৰ্ষ নিগমসমূহৰ চিইঅ’সকলৰ সৈতে সাক্ষাৎ কৰিব। গিফ্ট চিটিলৈ যাব। ইয়াত সন্ধিয়া প্ৰায় ৫:১৫ বজাত গ্ল’বেল ফিনটেক লিডাৰশ্বিপ ফ’ৰামত ব্যৱসায়িক নেতাসকলৰ সৈতে কথা পাতিব ।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
