শিৱসাগৰ, ১৬ অক্টোবৰ (হি স)। শিৱসাগৰ জিলাৰ পানবেছা গড়চূকত যোৱা নিশা আকাশ দাস আৰু বিশ্বজিৎ বৰুৱা নামৰ প্ৰকৃতিপ্ৰেমী দুজন যুৱকে এটা প্ৰকাণ্ড অজগৰ উদ্ধাৰ কৰে । গড়চূকৰ এজন ব্যক্তিৰ বাসগৃহৰ কাষৰ পথাৰত মাছ ধৰিবলৈ পাতি থোৱা এখন ফাঁচী জালত লাগি ধৰিছিল প্ৰায় ১০-১১ ফুট দৈৰ্ঘ্যৰ অজগৰটো।
সাপ ধৰাত পাকৈত আকাশ দাস আৰু বিশ্বজিৎ বৰুৱাক অৱগত কৰাত নিশাই অজগৰটো উদ্ধাৰ কৰে। ইপিনে অজগৰ চাবলৈ শোৱাপাটি এৰি নিশা ব্যক্তিজনৰ বাসগৃহৰ চোতাললৈ হিল দৌল ভাঙি আহে ৰাইজ। অজগৰ চাবলৈ শিশুৰ পৰা বৃদ্ধলৈকে লানি নিচিগা সোঁত বয় । পিছত উক্ত যুৱক দুজনে নিশাই অজগৰটোক চিকিৎসাৰ ব্যৱস্থা কৰি সুৰক্ষিত স্থানত মুকলি কৰি দিয়ে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
