ইছলামাবাদ, ১৬ অক্টোবৰ (হি.স.)। পাকিস্তানত মুদ্ৰাস্ফীতিৰ সৈতে যুঁজি থকা জনসাধাৰণক সকাহ দি তত্ত্বাৱধায়ক চৰকাৰে পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ৪০ টকা আৰু হাই-স্পীড ডিজেলৰ মূল্য প্ৰতি লিটাৰত ১৫ টকা হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে। এই তথ্য স্থানীয় সংবাদ মাধ্যমত দিয়া হৈছে।
বিত্ত মন্ত্ৰালয়ৰ অধিসূচনাৰ উদ্ধৃতি দি সংবাদ মাধ্যমৰ বাতৰি অনুসৰি পেট্ৰ’লৰ নতুন মূল্য হ’ব ২৮৩.৩৮ টকা আৰু এইচ এছ ডি হ’ব ৩০৩.১৮ টকা। ১৬ অক্টোবৰৰ মাজনিশা ১২ বজাৰ পৰা কাৰ্যকৰী হ’ল এই নতুন হাৰ। ই ৩১ অক্টোবৰলৈকে কাৰ্যকৰী হ’ব। পণ্যৰ আন্তঃৰাষ্ট্ৰীয় মূল্যৰ পৰিৱৰ্তন আৰু বিনিময় হাৰৰ উন্নতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে পেট্ৰলিয়াম সামগ্ৰীৰ মূল্য সংশোধন কৰিছে।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/অৰৱিন্দ/মনোজ
