পাটনা, ০৯ নৱেম্বৰ (হি.স.)। বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিন আজি দেওবাৰে সকলো ৰাজনৈতিক হেভিৱেট আৰু দলে নিজৰ পূৰ্ণ শক্তি প্ৰয়োগ কৰিব। দ্বিতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অহা ১১ নৱেম্বৰত হ’ব। তাৰ আগতে আজি সন্ধিয়া শেষ হ’ব প্ৰচাৰ অভিযান।
দ্বিতীয় পৰ্যায়ত ২০খন জিলাৰ ১২২খন বিধানসভা আসনত ভোটগ্ৰহণ কৰা হ’ব। ২৪৩খন আসনৰ বিহাৰ বিধানসভা নিৰ্বাচনৰ মূল প্ৰতিদ্বন্দ্বিতা হৈছে এন ডি এ মিত্ৰজোঁট আৰু বিৰোধী মিত্ৰজোঁটৰ মাজত। অৱশ্যে বিভিন্ন আসনত তৃতীয় শক্তি হিচাপেও আত্মপ্ৰকাশ কৰিছে জনসুৰাজ পাৰ্টি। ১৪ নৱেম্বৰত ভোটগণনা কৰা হ’ব আৰু ফলাফল ঘোষণা কৰা হ’ব।
দুই পৰ্যায়ৰ বিহাৰ বিধানসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অহা ১১ নৱেম্বৰৰ পুৱা ৭ বজাৰ পৰা আৰম্ভ হ’ব। ইয়াৰ বাবে আজি সন্ধিয়া শেষ হ’ব প্ৰচাৰ। এই পৰ্যায়ত পশ্চিম আৰু পূব চম্পাৰণ, শিৱহাৰ, সীতামৰ্হী, মধুবনী, সুপৌল, আৰড়িয়া, কিষানগঞ্জ, পূৰ্ণিয়া, কাটিহাৰ, ভাগলপুৰ, বাংকা, কাইমুৰ, ৰোহতাছ, আৰৱাল, জেহানাবাদ, ঔৰংগাবাদ, গয়া, নৱাদা আৰু জামুই জিলাৰ মুঠ ১২২খন বিধানসভা আসনত ভোটগ্ৰহণ কৰা হ’ব আৰু এই উদ্দেশ্যে ৪৫,৩৯৯ টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে।
উল্লেখ্য যে ৬ নৱেম্বৰত অনুষ্ঠিত হোৱা বিহাৰৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ১২১খন আসনত অভিলেখসংখ্যক ৬৫.৬ শতাংশ ভোটাৰৰ ভোটদানৰ হাৰ পোৱা গৈছিল। এই কথা বিবেচনা কৰিলে অনুমান কৰা হৈছে যে দ্বিতীয় পৰ্যায়তো বৃহৎ সংখ্যক ভোটাৰে নিজৰ ভোটাধিকাৰ ব্যৱহাৰ কৰিব।
हिन्दुस्थान समाचार / অৰৱিন্দ
