– আৰোগ্যৰ হাৰ ৯৮.৮১ শতাংশ
নতুন দিল্লী, ১৮ জানুৱাৰী (হি.স.)। ভাৰতত কোভিড-১৯(কৰোনা) ভাইৰাছৰ সংক্ৰমণৰ ঘটনা অব্যাহত আছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তৰফৰ পৰা আজি বৃহস্পতিবাৰে সদৰি কৰা তথ্যমতে ভাৰতত বিগত ২৪ ঘন্টাত কৰোনা ভাইৰাছত নতুনকৈ ৩০৫ জন লোক আক্ৰান্ত হৈছে। ইফালে ভাৰতত কৰোনাত নতুনকৈ তিনিজন লোকৰ মৃত্যু তথ্য সন্নিবিষ্ট হৈছে। আনহাতে ভাৰতত কৰোনা ৰোগৰ পৰা আৰোগ্য লাভ কৰিছে ৪.৪৪ কোটিৰো অধিক আক্ৰান্তই। ভাৰতত কৰোনা আক্ৰান্তৰ পৰা আৰোগ্য লাভৰ হাৰ ৯৮.৮১ শতাংশ হৈছেগৈ।
স্বাস্থ্য মন্ত্ৰণালয়ৰ তৰফৰ পৰা সদৰি কৰা অনুসৰি আজি বৃহস্পতিবাৰে পুৱা ৮ বজালৈ সুস্থ হৈ উঠিছে ৪,৪৪,৮৬,৯৩১ জন লোক। বিগত ২৪ ঘন্টাত সুস্থ হয় ৪১৯ জন লোক। ইফালে ভাৰতত কৰোনা সংক্ৰমিত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫,৩৩,৪২৩ জন (১.১৮ শতাংশ)লৈ বৃদ্ধি পাইছে। সম্প্ৰতি সমগ্ৰ দেশত সক্ৰিয় কৰোনা ৰোগীৰ সংখ্যা হৈছে ২৪৩৯ জন। যিটো মুঠ সংক্ৰমণৰ ০.০১ শতাংশ।
ইফালে দেশত বৰ্তমানলৈকে ব্যাপক টীকাকৰণ অভিযানৰ অধীনত আজি বৃহস্পতিবাৰৰ পুৱা ৭ বজালৈ মুঠ কৰোনা টীকাকৰণ কৰা লোকৰ সংখ্যা ২২০,৬৭,৮৩,৬৯৪ জনলৈ বৃদ্ধি পাইছে। বিগত ২৪ ঘন্টা(বুধবাৰ)ত দেশত বুষ্টাৰ বা সতৰ্কতামূলক পালি আৰু ১৮ বছৰৰ উৰ্ধৰ তথা ১৫ৰ পৰা ১৭ বছৰ বয়সৰ উপৰি ১২-১৪ বছৰৰ চেমনীয়াসকলকে ধৰি মুঠ ৩৮২ জনক কৰোনা টীকা প্ৰদান কৰা হৈছে।
হিন্দুস্থান সমাচাৰ/মনোজ/অৰৱিন্দ
