ফুলাম গামোচাৰে উষ্ম আদৰণি জনালে মুখ্যমন্ত্ৰীয়ে
গুৱাহাটী, ২০ ডিচেম্বৰ (হি.স.)। দুদিনীয়া ভ্ৰমণসূচীৰে অসমত আহি উপস্থিত হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বিয়লি ২.৫০ বজাত বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰে প্রধানমন্ত্ৰী মোদী অহা বিশেষ বিমান। মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালে অসমলৈ আদৰণি জনাই প্রধানমন্ত্ৰীগৰাকীক। প্ৰধানমন্ত্ৰীগৰাকীয়ে মুকলি কৰে বিমানবন্দৰৰ নতুন টাৰ্মিনেল। পুৰণি টাৰ্মিনেলত অৱতৰণ কৰি নতুন টাৰ্মিনেলত প্ৰৱেশ কৰে প্রধানমন্ত্ৰীগৰাকীয়ে।
নতুন টাৰ্মিনেলত উন্মোচন কৰি নতুন টাৰ্মিনেলত প্রধানমন্ত্ৰী মোদীয়ে উন্মোচন কৰে অসমৰ প্রথমগৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ ৮০ফুট উচ্চতাৰ প্ৰতিমূৰ্তি। প্ৰায় ১৫ মিনিট সময় নতুন টাৰ্মিনেলটোও পৰিদৰ্শন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। টাৰ্মিনেল মুকলিৰ পাছতে প্ৰধানমন্ত্ৰীয়ে সম্বোধন কৰে ৰাজহুৱা সভা। বাজপেয়ী ভৱনলৈ বিশাল ৰোডশ্ব’ৰে আদৰিব নিয়া হ’ব প্ৰধানমন্ত্ৰীগৰাকীক। দলীয় কাৰ্যকৰ্তাৰে প্ৰধানমন্ত্ৰী মোদীয়ে কৰিব মত-বিনিময়। ৰাজ্যিক অতিথিশালাত নিশাটো কটাব প্ৰধানমন্ত্ৰী মোদীয়ে। ২১ ডিচেম্বৰ, দেওবাৰে পুৱা ৮ বজাত মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত প্ৰধানমন্ত্ৰীৰ ‘পৰীক্ষা পে চৰ্চা’ শীৰ্ষক বিশেষ অনুষ্ঠানটো অনুষ্ঠিত হ’ব। তাৰ পৰা বৰাগাঁৱৰ শ্বহীদ স্মাৰকলৈ যাব প্ৰধানমন্ত্ৰীগৰাকী।
উল্লেখ্য় যে আদানী এয়াৰপৰ্ট হোল্ডিং লিমিটেডে পৰিচালনা কৰা গুৱাহাটী বিমানবন্দৰৰ নৱনিৰ্মিত টাৰ্মিনেলৰ প্ৰৱেশ মুখ, ভল্ট তথা বাটচ’ৰাৰ কলাত্মক আৰ্হিয়ে সকলোৰে হৃদয়ত এক অহেতুক আনন্দ কঢ়িয়াই অনাৰ লগতে ঐতিহ্য আৰু আধুনিকতাৰ মাজত সংযোগ স্থাপন কৰা এক স্থাপত্য কেন্দ্ৰবিন্দু হিচাপে পৰিগণিত হৈছে। ভলুকা আৰু অপতানি বাঁহৰ পৰা নিৰ্মিত এই বাটচ’ৰাই উত্তৰ-পূবৰ বৈচিত্ৰ্যপূৰ্ণ সংস্কৃতি, স্থিতিস্থাপকতা, বক্ৰ, ৰশ্মি আৰু পোহৰৰ মাজেৰে মূৰ্ত কৰি তুলিছে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী
