
বাক্সা, ২৮ জানুৱাৰী : বাক্সাৰ খাৰিজা বিজনীৰ উন্নেকুৰীৰ ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। দাউদাউকৈ জ্বলি ছাই হ’ল প্ৰায় ২০টা বাসগৃহ ।
বৈদ্যুতিক ছৰ্ট ছাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। যোৱা নিশা প্ৰায় ১০ মান বজাত সংঘটিত হয় এই ঘটনা। নিশাই ঘটনাস্থলীত উপস্থিত লাবদাংগুৰী আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনীৰ দল। অগ্নিকাণ্ডত চকুৰ পলকতে শেষ হৈ পৰিল সপোনৰ ঘৰবোৰ। নিৰুপায় হৈ চাই ৰল সকলোৱে। সকলোৰে চকুত এতিয়া চকু পানী, কেৱল কান্দিছে আৰু কান্দিছে।
