নতুন দিল্লী, ২৭ আগষ্ট (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে পবিত্ৰ উৎসৱ সংবৎসৰী উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে। এই উপলক্ষে তেওঁ ক্ষমা, মমতা আৰু নম্ৰতাৰ দৰে চিৰন্তন মূল্যবোধক গ্ৰহণ কৰাৰ আহ্বান জনায়।
প্ৰধানমন্ত্ৰী মোদীয়ে ‘এক্স’ত দিয়া বাৰ্তাত লিখিছে, ‘‘সংবৎসৰী য়ে আমাক ক্ষমাৰ সৌন্দৰ্য্য আৰু মমতাৰ শক্তিৰ কথা মনত পেলাই দিয়ে। ই মানুহক সত্য আৰু সততাৰে সম্পৰ্ক বজাই ৰাখিবলৈ অনুপ্ৰাণিত কৰে। এই শুভ অনুষ্ঠানত আমাৰ হৃদয় নম্ৰতাৰে পৰিপূৰ্ণ হওক আৰু আমাৰ কৰ্মত দয়া আৰু সদিচ্ছা দুয়োটা প্ৰতিফলিত হওক। মিচামী দুক্কাদম।’’
উল্লেখযোগ্য যে সংবৎসৰী জৈন সমাজৰ এক প্ৰধান উৎসৱ, য’ত মানুহে ইজনে সিজনৰ পৰা ক্ষমা বিচাৰি নতুন আৰম্ভণি কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
