নতুন দিল্লী, ০১ ডিচেম্বৰ (হি.স.)। আজিৰে পৰা আৰম্ভ হোৱা সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বে দেওবাৰে সংসদ ভৱন পৰিসৰৰ বিৰোধী দলৰ নেতা মল্লিকাৰ্জুন খৰ্গেৰ কাৰ্যালয়ত বিৰোধী ইণ্ডি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ নেতাসকলে বৈঠকত মিলিত হয়।
ৰাহুল গান্ধী, গৌৰৱ গগৈ, কমল হাছান, প্ৰিয়ংকা চতুৰ্বেদী, ৰামগোপাল যাদৱ, চৈয়দ নাছিৰ হুছেইনকে ধৰি কেইবাটাও দলৰ নেতাই অংশগ্ৰহণ কৰি যৌথ কৌশল চূড়ান্ত কৰে।
ইয়াৰ পূৰ্বে দেওবাৰে সন্ধিয়া ছোনিয়া গান্ধীৰ অধ্যক্ষতাত কংগ্ৰেছে সংসদীয় কৌশল গোটৰ এখন বৈঠক অনুষ্ঠিত কৰে। মল্লিকাৰ্জুন খৰ্গে, ৰাহুল গান্ধী, লগতে পি চিদাম্বৰমকে ধৰি কেইবাজনো জ্যেষ্ঠ নেতাই সভাত অংশগ্ৰহণ কৰে।
ৰাষ্ট্ৰীয় নিৰাপত্তা, শেহতীয়াকৈ দিল্লীত সংঘটিত বোমা বিস্ফোৰণ, ভোটাৰ তালিকাৰ নিবিড় পুনৰীক্ষণ (এছআইআৰ), শীতকালীন অধিবেশনত বায়ু প্ৰদূষণ আদি বিষয়ত চৰকাৰক কোণত ৰাখিবলৈ সাজু হৈছে বিৰোধীয়ে।
हिन्दुस्थान समाचार / অৰৱিন্দ
