নতুন দিল্লী, ১১ ডিচেম্বৰ (হি.স.)। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰ এছ এছ)ৰ মুৰব্বী ডা০ মোহন ভাগৱতে বৃহস্পতিবাৰে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জলৈ তিনিদিনীয়া ভ্ৰমণ কৰিব। ইয়াত তেওঁ বীৰ সাৱৰকাৰৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব।
আজি তেওঁ শ্ৰী বিজয়পুৰমত উপস্থিত হৈ আৰ এছ এছৰ বিষয়া-কৰ্মীসকলৰ সৈতে বৈঠকত মিলিত হ’ব। অহা ১২ ডিচেম্বৰত তেওঁ দক্ষিণ আন্দামানৰ বেওদানাবাদত মহান স্বাধীনতা সংগ্ৰামী বিনায়ক দামোদৰ সাৱৰকাৰৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব। ইয়াৰ সমান্তৰালকৈ ড° বি আৰ আম্বেদকাৰ ইনষ্টিটিউট অৱ টেকন’লজিত আয়োজন কৰা এক অনুষ্ঠানত সাৱৰকাৰৰ চিন্তাধাৰাৰ আধাৰত এটি গীতো মুকলি কৰিব।
ইফালে ১৩ ডিচেম্বৰত আৰ এছ এছৰ মুৰব্বীগৰাকীয়ে শ্ৰী বিজয়পুৰমৰ নেতাজী ষ্টেডিয়ামত এখন সভাত ভাষণ দিব, আৰু ১৪ ডিচেম্বৰত ঘূৰি অহাৰ কথা।
উল্লেখযোগ্য যে ইংৰাজ কালত বীৰ সাৱৰকাৰক কালাপানী শাস্তিৰে আন্দামানৰ চেলুলাৰ জেলত বন্দী কৰি ৰখা হৈছিল। ১৯১১ চনৰ ৪ জুলাইৰ পৰা ১৯২১ চনৰ ২১ মে’লৈকে তেওঁ প’ৰ্ট ব্লেয়াৰ জেলত আছিল।
हिन्दुस्थान समाचार / অৰৱিন্দ
