নতুন দিল্লী, ০৮ ডিছেম্বৰ (হি.স.)। ভাৰতীয় জনতা পাৰ্টি (বিজেপি)য়ে শুকুৰবাৰে ছত্তীশগড়, মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ পৰ্যবেক্ষকৰ নাম ঘোষণা কৰে।
ৰাজস্থান বিধানসভাৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিনোদ টাউডে আৰু সৰোজ পাণ্ডেক পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰ, কে লক্ষ্মণ, আশা লাকৰাক মধ্যপ্ৰদেশৰ বাবে পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন মুণ্ডা, সৰ্বানন্দ সোণোৱাল আৰু দুষ্যন্ত গৌতমক ছত্তীশগড়ৰ বাবে পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে।
পৰ্যবেক্ষকৰ নাম ঘোষণাৰ সমান্তৰালকৈ এতিয়া দেওবাৰৰ ভিতৰত মুখ্যমন্ত্ৰীৰ নামো ঘোষণা কৰিব পাৰে। বিশ্বাস কৰা হৈছে যে তিনিওখন ৰাজ্যতে শনিবাৰ-দেওবাৰে বিধায়িনী দলৰ বৈঠক আহ্বান কৰিব পাৰে।
হিন্দুস্থান সমাচাৰ/ বিজয়লক্ষ্মী/মনোজ
